জয় শ্ৰীকৃষ্ণ।
যোগেশ্বৰ প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত শতকোটি প্ৰণিপাত জনাই গীতা আৰু গীতা পৰিৱাৰৰ সৈতে মোৰ জীৱন কেনেধৰণে জড়িত হৈছে তাক অকণমান প্ৰকাশ কৰিবলৈ সুবিধাকণ দিয়াৰ বাবে প্ৰথমে মই Newsletter Department, Geeta Parwarৰ ওচৰত মোৰ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
মোৰ জীৱনলৈ গীতা মাতাৰ প্ৰৱেশ ঘটিছিল মই ক্লাছ টেনত পঢ়ি থাকোঁতেই। মোৰ এজন বন্ধুসদৃশ দাদাৰ ঘৰলৈ তেখেতৰ মোৰ প্ৰতি থকা ভাল ভাবৰ বাবে সঘনাই ৰাতি থকাকৈও অহা-যোৱা ঘটিছিল। মই বৰ ভয়াতুৰ স্বভাৱৰ আছিলো বাবে দাদাজনৰ লগত মিলা মিছা কৰি মনলৈ এক নিৰ্ভয় ভাবো আহিছিল যিহেতু তেখেত অলপ কাজিয়া পেচালৰ ক্ষেত্ৰত, অৱশ্যে হক কথাত, পিছ পৰা বিধৰ নাছিল। এদিন তেখেতলোকৰ ঘৰলৈ সন্ধিয়া গৈ পূৰ্বনিৰ্ধাৰিত পৰিকল্পনা মতে তেখেতৰ লগত বাগান শ্ব’ চিনেমা চাবলৈ গৈছিলো। কিন্তু প্ৰবল বৃষ্টিপাত হোৱাত চিনেমা বন্ধ কৰি দিব লগা হ’ল আৰু আমি তিতি তিতি তেখেত লোকৰ ঘৰলৈ আহিলো। কাপোৰ-কানি সলাই ৰাতি ভাত খাই শুই পৰিলোঁ। মাজনিশা প্ৰায় বাৰ মান বজাত প্ৰচণ্ড চিঞৰ বাখৰ আৰু কান্দোনৰ শব্দত সাৰ পাই উঠি দেখিলোঁ যে কমলদাৰ মাকে হিয়া ঢাকুৰি কান্দিছে আৰু কপিদা খনেৰে নিজক কাটিব খুজিছে। আক তাক সুধি গম পালো যে কমলদাৰ ডাঙৰ ককায়েক ফণী দাদা বোলে চিনেমাৰ পৰা অকলে ঘূৰি আহোঁতে কিবা ভয় খাই ঘৰ পোৱাৰ পাছতে ঢুকাই থাকিল। ফণী দাদাই বিয়া পাতি এজনী ছোৱালী আৰু দুটি যমজ পুত্ৰৰ জন্ম দি ঘৰৰ পৰা বেলেগ হৈ আছিল। ল’ৰা দুটি কেঁচুৱা আৰু ছোৱালীজনী দুই তিনি বছৰ মান হৈছিল চাগৈ।
এই ঘটনাত মই হতভম্ব হৈ পৰিলোঁ আৰু মানৱ জীৱনৰ ইমান অনিশ্চয়তাৰ কথা জানি মোৰ ভয়াতুৰ স্বভাৱটোৱে মোক ভীষণভাৱে চিন্তিত কৰি তুলিলে। ৰাতিটো এটা ত্ৰাসময় পৰিৱেশেৰে পাৰ কৰি ৰাতিপুৱা নিজৰ ঘৰ পালোহি। নানা চিন্তা আৰু আশঙ্কাই মোৰ মনটো প্ৰায় কোঙা কৰি পেলালে। তাৰ মাজতে এদিন মোৰ দাদাই আনি থোৱা আচাৰ্য্য বিনোৱা ভাৱেৰ ‘গীতা প্ৰৱচন’ নামৰ অসমীয়া অনুবাদ কিতাপখন চকুত পৰিল। কিতাপখন মেলি পঢ়িবলৈ ধৰি গম পালোঁ যে জীৱন মৰণ, মানুহৰ জীৱনৰ এটা সাধাৰণ প্ৰক্ৰিয়া আৰু তাত ইমান গুৰুত্ব দিয়া বা হতাশ হোৱাৰ কোনো যথাৰ্থতা নাই। তাৰ পিছত ‘কৰ্মযোগ’ৰ বিষয়ে পঢ়ি গম পালো যে মানুহৰ কৰ্মত হে অধিকাৰ আছে, কৰ্মৰ সকলো পৰিণতি ঈশ্বৰৰ হাতত। কথাখিনি জানি কিবা এটা নতুন ধৰণৰ উপলব্ধি মনলৈ আহিল আৰু মনটো বহুত মুকলি হ’ল। আৰু গীতা যে পঠনীয় পুথি তাক মই তেতিয়াই অনুধাৱন কৰিলোঁ। কিন্তু বয়স, ঘৰুৱা পৰিৱেশ, পঢ়াশুনাৰ বাধ্যবাধকতা আদিৰ বাবে গীতাৰ সিমান ভিতৰলৈ সোমাব পৰা নাছিলোঁ। কিন্তু কম বয়সতে অৰ্থাৎ প্ৰি ডিগ্ৰী (বিজ্ঞান)(এতিয়াৰ হায়াৰ চেকেণ্ডেৰী) পাচ কৰিয়েই বেঙ্কৰ চাকৰিত জইন কৰিলোঁ। দুমাহমানৰ পিছতে শ্ৰীগৌৰীচৰণ বৰকটকী দেৱে লিখা গীতাৰ এখন অসমীয়া ভাঙনি কিতাপ কিনি আনিলো। কিতাপখনত মূল সংস্কৃত শ্লোকসমূহ অসমীয়াত লিখা আছে আৰু প্ৰত্যেকটো শ্লোকৰ তলত শ্লোকৰ ভাঙনিখিনি অসমীয়াত লিখা আছে। এতিয়া মই গীতা পৰিৱাৰত যোগ দি জানিব পাৰিছো যে তেখেতৰ ভাঙনি যথেষ্ট উন্নত মানদণ্ডৰ। কিন্তু ছপাশালৰ ভূতটোৰ বাবে দুই এটা শব্দই বেলেগ ৰূপ নোলোৱা নহয়।
মোৰ পাঠ্যক্ৰমত সংস্কৃত ভাষাটো নাছিল। জ্ঞান আহৰণৰ ক্ষেত্ৰত সংস্কৃত ভাষাৰ যে ইমান গুৰুত্ব আছে তাক ঘূণাক্ষৰেও জনা নাছিলো। সংস্কৃত নজনাৰ বাবে শ্লোকতনো কি কি শব্দ লিখা আছে, অসমীয়াতে লিখি থোৱা সত্ত্বেও মই কেতিয়াও পঢ়া নাছিলো আৰু কেৱল ভাঙনি খিনি মাজে মাজে পঢ়িছিলো। ভাঙনি পঢ়িলেও আধ্যাত্মিক কথাবিলাক পোনচাটে বুজা মুঠেই সহজ নহয়। সেয়ে বুজা নুবুজাকৈয়ে মাজে সময়ে মই গীতাখন উলিয়াই লওঁ আৰু অভ্যাসটো চেগাচোৰোকাকৈ হ’লেও চলাই আহিছিলো। মাজে মাজে পঢ়িলেও গীতাৰ বহুতো কথাই মোক দ্বিধাগ্ৰস্ত ও কৰি তুলিছিল। এইয়া হ’ল নুবুজাৰ দোষ। কিন্তু শেহলৈ অৰ্থাৎ ২০১০ চন মানৰ পৰা টিভিত আধ্যাত্মিক চেনেল দুটামান চাওঁতে গীতাৰ বিষয়ে জ্ঞান দিয়া এজন আধ্যাত্মিক গুৰু “স্বামী নিৰ্ৱেশানন্দ তীৰ্থৰ প্ৰৱচন ইংৰাজী ভাষাত শুনিবলৈ পালোঁ। মই ইংৰাজীত সিমান পকা নহয়, কিন্তু স্বামীজীৰ সৰল ভাষাৰ ব্যৱহাৰ আৰু পৰিষ্কাৰ কথনভঙ্গীয়ে মোক তেখেতৰ ভাষণৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। তাতে বিষয় হ’ল মোৰ সদা কৌতূহল জগোৱা ‘গীতা’ ! তেখেতৰ গীতা ব্যাখ্যা কিছুদিন শুনাৰ পাছতে গীতাৰ বহুতো ধাৰণা স্পষ্ট হৈ ধৰা দিলে আৰু গৌৰীচৰণ বৰকটকী দেৱৰ ভাঙনিখনো ভালকৈ বুজি পোৱা হ’লো । তথাপি কিন্তু সংস্কৃত নজনাৰ বাবে ক্ৰম অনুসৰি কথাবিলাক বুজিবলৈ সদায়ে অসুবিধা হৈ আছিল।
চাকৰিৰ পৰা অৱসৰ লৈ ২০২৩ চনৰ জুলাই মাহৰ batch টোৰ বাবে দিয়া গীতা পৰিৱাৰৰ বিজ্ঞাপনটো ফেচবুকত পাই মই হাততে স্বৰগ ঢুকি পোৱা যেন লাগিল। কাৰণ মই বুজি উঠিছিলো যে সংস্কৃতত অনুপঠন কৰিবলৈ অভ্যাস কৰিলে স্বাভাৱিকতে মই সংস্কৃত ভাষাটোৰ বিষয়েও যথেষ্ট জানিব পাৰিম আৰু গীতাৰ বিষয়ে থকা মোৰ বিভিন্ন দ্বিধা অথবা নুবুজা কথাবোৰৰ জটিলতা আঁতৰিব। ইতিমধ্যে মোৰ এটা কথা ক’বলৈ থাকি গৈছিল। মই সংস্কৃতৰ উচ্চাৰণ তথা গীতা পঠনৰ নিয়মবিলাক নাজানো যদিও দ্বিতীয় অধ্যায়টো তেনেকৈ ভুল উচ্চাৰণৰ সৈতেই মুখস্থ কৰাৰ চেষ্টা কৰিছিলোঁ কাৰণ দ্বিতীয় অধ্যায়টিতে গীতাৰ যথেষ্টসংখ্যক জানিবলগীয়া কথাৰ মই বুজি উঠিছিলো। সেয়েহে প্ৰত্যাহ্বান হিচাবে লৈয়ে এই অধ্যায়টিৰ যথেষ্ট সংখ্যক মোৰ শ্লোক মুখস্থ হৈ উঠিছিল। যি কি নহওঁক, গীতা পৰিৱাৰত যোগদান কৰি প্ৰথম দিনাৰ শ্ৰেণীকক্ষত উপস্থিত থাকি সংস্কৃতত গীতা উচ্চাৰণ কৰিবলৈ পাই এক অবুজ আনন্দৰ অনুভূতিত উতলা হৈ পৰিছিলো। আমাৰ অসমীয়া ভাষাত যিকোনো শব্দ বা আখৰৰ উচ্চাৰণত বৰ বেছি জটিলতা নাই। কাৰণ চ, শ, ষ আৰু স-ৰ মাজত উচ্চাৰণৰ পাৰ্থক্য সাধাৰণতে পৰিলক্ষিত নহয়। ময়ো তাৰ ব্যতিক্ৰম নহওঁ। সেয়েহে এই ‘চ’-সমূহ উচ্চাৰণ কৰোঁতে প্ৰশিক্ষক তথা গীতা পৰিৱাৰৰ উচ্চস্থানীয় লোকৰ ওচৰত কোনো কোনো ক্ষেত্ৰত লাজত পৰাৰ দৰে হৈছিল। যি কি নহওঁক, এনেকৈ চেষ্টা কৰিয়েই মই জিজ্ঞাসু, পাঠক আৰু পথিক পৰীক্ষাত উত্তীৰ্ণ হ’লো। অৱশ্যে পথিক পৰীক্ষাত ফলাফল সন্তোষজনক নহ’ল, মাত্ৰ ৬৯% হে লাভ কৰিবলৈ সক্ষম হ’লো। পাঠক পৰীক্ষাত ৮৫% তকৈ দশমিক স্থানত কিবা এটা বেছি নম্বৰ পাই মই প্ৰশিক্ষকৰ বাবে দৰ্খাস্ত কৰিলো আৰু L1 প্ৰশিক্ষকৰ পদ লাভ কৰিলো। ইয়াৰ পাছত যোৱা জুন মাহৰ আগে আগে L2 প্ৰশিক্ষকৰ বাবেও দৰ্খাস্ত কৰি সফল হৈ L2 ৰ প্ৰশিক্ষকো হ’লো । এই মাহত অৰ্থাৎ চেপ্তেম্বৰ মাহত পুনৰ L3 ৰ প্ৰশিক্ষকৰ বাবে সাক্ষাৎকাৰলৈকে যাবতীয় সকলো পৰ্য্যায় পাৰ কৰাৰ পাছত আজি অৰ্থাৎ ২৯/০৯/২০২৪ তাৰিখে মই নিৰ্বাচিত হোৱাৰ ফলাফল লাভ কৰিছোঁ।
গীতা পৰিৱাৰৰ সুশৃঙ্খল কাৰ্য্যব্যৱস্থাই মোৰ লগতে সকলোকে উৎসাহিত কৰি তুলিছে আৰু আধ্যাত্মিক চৰ্চাৰ ক্ষেত্ৰত সকলোকে জড়িত কৰি আগ্ৰহী কৰি তুলিছে। স্বামীজীৰ সুচিন্তিত পৰিকল্পনা আজি সুন্দৰকৈ ৰূপায়িত হৈছে আৰু আধ্যাত্মিকতাৰ পৱিত্ৰ জ্ঞানৰ দ্বাৰা মানুহৰ আভ্যন্তৰীণ সত্ত্বাক জগাই তুলিছে। ই অতি শুভ লক্ষণ। যোগেশ্বৰ শ্ৰীকৃষ্ণৰ কৃপাত আৰু গীতা পৰিৱাৰৰ সকলো কৰ্মকৰ্তাৰ নিস্বাৰ্থ সেৱাৰ ফলত এই সকলো সম্ভৱ হৈ উঠিছে।
গীতা পৰিৱাৰৰ লগত হোৱা সম্পৰ্কৰ বিষয়ে ইমানকে কৈ মোৰ এই ক্ষুদ্ৰ লেখনিৰ সামৰণি মাৰিছোঁ।
শ্ৰী কেশৱ চন্দ্ৰ বৰা
যোৰহাট, অসম
পি. আৰ. এন. ৮০৩৯০৭
গীতা পৰিৱাৰ